ষষ্ঠ শ্ৰেণীঃঃ সমাজ বিজ্ঞানঃঃ পাঠ-১ :: সৌৰজগতত আমাৰ পৃথিৱী

সৌৰজগতত আমাৰ পৃথিৱী
অনুশীলনীঃ
(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা-
(ক) সৌৰজগত বুলিলে কি বুজা ?
উত্তৰঃ সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা আঠটা গ্ৰহ, অনেক উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক সামৰি সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলা হয় ।
(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা ।
উত্তৰঃ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম হ`ল – বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন ।
(গ) সূৰ্য কি ? সূৰ্যৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ সূৰ্য এটা নক্ষত্ৰ ।
সূৰ্য আমি বাস কৰা পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ । ই এটা অতি উতপ্ত নক্ষত্ৰ । সূৰ্যৰ ওপৰ অংশৰ উষ্ণতা প্ৰায় ৬০০০ ডিগ্ৰী চেলচিয়াছ । সূৰ্যৰ মূল উপাদান হাইড্ৰ`জেন আৰু হিলিয়াম । পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় ১৪৯,৫৯৭,৯০০ কিঃমিঃ । সূৰ্যৰ ব্যাস প্ৰায় ১,৩৯২,০০০ কিঃমিঃ । সূৰ্যৰ বয়স প্ৰায় ৫০০ কোটি বছৰৰ ওচৰা-উচৰি । সূৰ্য প্ৰচুৰ শক্তিৰ উৎস আৰু ইয়াৰ বাবেই পৃথিৱীত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে । পৃথিৱীত হোৱা দিন-ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল-সলনি – এই সকলোৰে কাৰণ হৈছে সূৰ্য ।
(২) উত্তৰ দিয়া-
(ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয় ?
উত্তৰঃ নিজৰ পোহৰ থকা তৰাবোৰক নক্ষত্ৰ বুলি কোৱা হয়।
(খ) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?
উত্তৰঃ পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম বুধ ।
(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি ?
উত্তৰঃ আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম সূৰ্য ।
(ঘ) ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি জনা যায় ?
উত্তৰঃ ৰাতিৰ আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক পপীয়া তৰা বা উল্কা বুলি জনা যায় ।
(৩) তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা-
(ক) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি ?
উত্তৰঃ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম নেপচুন ।
(খ) ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত ?
উত্তৰঃ ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহৰ মাজত অৱস্থিত ।
(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰত ?
উত্তৰঃ সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান ৩ নম্বৰত ।
(ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি ?
উত্তৰঃ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি ।
(ঙ) গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায় ?
উত্তৰঃ গ্ৰহাণুপুঞ্জবোৰ মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত দেখা যায় ।
(৪) শুদ্ধ উত্তৰটো লিখা-
(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয় ?
(১) বুধ (২) শুক্ৰ (৩) মঙ্গল (৪) শনি
উত্তৰঃ শুক্ৰ ।
(খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবোৰ হ`ল-
(১) ধূমকেতু (২) গ্ৰহাণুপুঞ্জ (৩) উপগ্ৰহ (৪) নক্ষত্ৰ
উত্তৰঃ ধূমকেতু ।