পঞ্চম শ্ৰেণী :: আমি আৰু আমাৰ পৰিৱেশ :: পাঠ নং – ১ :: আমাৰ পৰিৱেশ
আমাৰ পৰিৱেশ

(ফ'টো উৎসঃ ইণ্টাৰনেট)
অনুশীলনীঃ
১। উত্তৰ লিখাঃ
(ক) পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম কি কি ?
উত্তৰঃ পৰিৱেশৰ জৈৱিক উপাদানকেইটাৰ নাম হ`ল- উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি ।
(খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা ?
উত্তৰঃ পেংগুইন চৰাইৰ গাটো দীঘলীয়া ডিম্বাকৃতিৰ আৰু সৰু সৰু পাখিৰে আৱৰা। ইয়াৰ ডেউকা দুখন সৰু ।
(গ) শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা ।
উত্তৰঃ শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম হ`ল – ৰংঘৰ আৰু তলাতল ঘৰ ।
(ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি ?
উত্তৰঃ পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ`ল – বায়ু, মাটি, পানী, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ, সূৰ্যৰ পোহৰ আদি ।
(ঙ) মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা ?
উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা উপাদানবোৰৰ পৰা মানুহে নিজৰ সুবিধাৰ বাবে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, উদ্যান, উদ্যোগ আদি নিৰ্মাণ কৰি এক পৰিৱেশৰ সৃষ্টি কৰে । এনে পৰিৱেশকে মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয় ।
(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা ।
উত্তৰঃ অসমত থকা দুটা মন্দিৰৰ নাম হ`ল - কামাখ্যা মন্দিৰ আৰু হয়গ্ৰীৱ-মাধৱ মন্দিৰ ।
অসমত থকা দুটা দৌলৰ নাম হ`ল - শিৱদৌল আৰু জয়দৌল ।
অসমত থকা দুখন সত্ৰৰ নাম হ`ল – আউনীআটি সত্ৰ আৰু কমলাবাৰী সত্ৰ ।
২। “ক” অংশৰ লগত “খ” অংশ মিলোৱাঃ
ক খ তেজপুৰ--------------------------ভূৱন পাহাৰৰ মন্দিৰ কামৰূপ --------------------------টেগবাহাদুৰ গুৰুদ্বাৰ গোৱালপাৰা----------------------অগ্নিগড় ধুবুৰী ------------------------------পোৱামক্কা কাছাৰ-----------------------------সূৰ্য পাহাৰ
উত্তৰঃ
তেজপুৰ –------- অগ্নিগড় ।
কামৰূপ -------– পোৱামক্কা ।
গোৱালপাৰা ----– সূৰ্য পাহাৰ ।
ধুবুৰী –------------ টোগবাহাদুৰ গুৰুদ্বাৰ ।
কাছাৰ –---------- ভূৱন পাহাৰৰ মন্দিৰ ।
৩। খালী ঠাই পূৰ কৰাঃ
(ক) মৰুভূমিৰ প্ৰাণীৰ ছাল …………. আৰু ………………… ।
উত্তৰঃ মৰুভূমিৰ প্ৰাণীৰ ছাল ডাঠ আৰু নোমাল ।
(খ) বগা ভালুক ……… অঞ্চলত থাকে ।
উত্তৰঃ বগা ভালুক মেৰু অঞ্চলত থাকে ।
(গ) তৃণভূমি অঞ্চলত …………… পোৱা যায় ।
উত্তৰঃ তৃণভূমি অঞ্চলত তৃণভোজী প্ৰাণী পোৱা যায় ।
(ঘ) পানবাৰীৰ ………………… মছজিদ ঐতিহ্যৰ প্ৰতীক ।
উত্তৰঃ পানবাৰীৰ মিৰজুমলাৰ মছজিদ ঐতিহ্যৰ প্ৰতীক ।
৪। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখাঃ
(ক) বগা ভালুক/ হৰিণা/ জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী ।
উত্তৰঃ বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী ।
(খ) ছীল/ বল্গা হৰিণ/ য়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে ।
উত্তৰঃ বল্গা হৰিণ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে ।
(গ) জিৰাফ/ সিংহ/ বাঘৰ গাৰ ৰং ধূসৰ ।
উত্তৰঃ সিংহৰ গাৰ ৰং ধূসৰ ।
৫ । চমুটোকা লিখাঃ
জলাহভূমি, অণুজীৱ
উত্তৰঃ
জলাহভূমিঃ জলাহভূমি হ`ল সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটি । পুণী, মেটেকা, নল-খাগৰি, ইকৰা, দলঘাঁহ, তৰা, কলমৌ, ঢেঁকীয়া, বিভিন্ন ধৰণৰ কচু, বিহলঙনী আদি জলাহভূমিত হোৱা উদ্ভিদ । জলাহভূমি আৰু কাষৰীয়া অঞ্চলত বিভিন্ন প্ৰজাতিৰ মাছ, ভেকুলী, সাপ, পোক-পতংগ, শামুক, কেকোঁৰা, পানী-মকৰা আদি প্ৰাণী থাকে । ইয়াৰ উপৰিও বহুতো অণুজীৱও জলাহভূমিত থাকে। ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত থকা ডাঙৰ ডাঙৰ গছবোৰত বগলী, কণমুচৰি, পানী কাউৰী, হাড়গিলা, বৰটোকোলা, মাছৰোকা আদি চৰাই থাকে । জলাহভূমিৰ প্ৰাণীবোৰে খাদ্যৰ বাবে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে ।
অণুজীৱঃ বেক্টেৰিয়া, ভাইৰাছ আদি জীৱবোৰ ইমান সৰু যে ইহঁতক খালী চকুৰে দেখা পোৱা নাযায় । এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায় । সেইবাবে ইহঁতক অণুজীৱ বোলা হয় । অণুজীৱ মাটি, পানী, বায়ু সকলোতে থাকে । কিছুমান অণুজীৱ উপকাৰী আৰু কিছুমান অপকাৰী । কিছুমান বেক্টেৰীয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে । কিছুমান অণুজীৱই জীৱৰ শৰীৰত বেমাৰৰ সৃষ্টি কৰে ।
৬। এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা ।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে সুন্দৰকৈ অংকন কৰিব ।