চতুৰ্থ শ্ৰেণী :: আমি আৰু আমাৰ পৰিৱেশ :: পাঠ- ২ :: উৎসৱ




অনুশীলনী


১। চমু উত্তৰ লিখাঃ

(ক) শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি ?

উত্তৰঃ শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম গুৰুনানক জয়ন্তী ।

(খ) বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ?

উত্তৰঃ বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ।

(গ) অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে ?

উত্তৰঃ অসমৰ ভোগালী বিহু বা মাঘ বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে ।

(ঘ) ওনাম উৎসৱত কি নৃত্য পৰিৱেশন কৰা হয় ?

উত্তৰঃ ওনাম উৎসৱত কাইকোট্ৰিকালি নৃত্য পৰিৱেশন কৰা হয় ।

(ঙ) দশেৰা উৎসৱৰ লগত একেসময়তে পূব ভাৰতত পালন কৰা উৎসৱটো কি ?

উত্তৰঃ দশেৰা উৎসৱৰ লগত একেসময়তে পূব ভাৰতত পালন কৰা উৎসৱটো হ’ল – দুৰ্গাপূজা

(চ) বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম লিখা ।

উত্তৰঃ বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম হ’ল – চট্‌ পূজা

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঃ


উত্তৰঃ বিহু ------------------- অসম

বৈশাখী --------------- পঞ্জাৱ

পোংগল -------------- তামিলনাডু

ওনাম ---------------- কেৰেলা

গণেশ চতুৰ্থী --------- মহাৰাষ্ট

৩। উত্তৰ লিখাঃ

(ক) বিহু কেইটা আৰু কি কি ?

উত্তৰঃ বিহু তিনিটা । সেইকেইটা হ’ল – বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু ।

(খ) ফাকুৱা উৎসৱ কেনেদৰে পালন কৰা হয় ?

উত্তৰঃ ফাকুৱা উৎসৱ ৰং-বিৰঙৰ বস্ত্ৰ পৰিধান কৰি নানা ৰঙৰ ফাকুগুৰিৰ লগতে ৰং মিহলি পানী এজনে আনজনৰ গালৈ ছটিয়াই বা গাত সানি নৃত্য-গীত কৰি পালন কৰা হয় ।

(গ) বুদ্ধ পূৰ্ণিমা কিয় পালন কৰা হয় ?

উত্তৰঃ বহাগ মাহৰ পূৰ্ণিমা তিথিতে বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱৰ জন্ম, সিদ্ধিলাভ আৰু মৃত্যু হৈছিল । সেইবাবে বহাগ মাহৰ পূৰ্ণিমাৰ দিনটো এক পৱিত্ৰ দিনৰূপে বুদ্ধ পূৰ্ণিমা পালন কৰা হয় ।

(ঘ) ঈদ কেইটা আৰু কি কি ?

উত্তৰঃ ঈদ দুটা । সেইকেইটা হ’ল – (১) ঈদ-উল-ফিতৰ আৰু (২) ঈদুজ্জোহা

(ঙ) দশেৰা উৎসৱত কাৰ কাৰ প্ৰতিকৃতি জ্বলাই দিয়া হয় ?

উত্তৰঃ দশেৰা উৎসৱত দশমূৰধধাৰী ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাথৰ প্ৰতিকৃতি জ্বলাই দিয়া হয় ।

৪। তুমি ভালপোৱা যিকোনো এটা উৎসৱৰ বিষয়ে পাঁচটা বাক্য লিখা ।

উত্তৰঃ মই ভালপোৱা উৎসৱটো হ’ল - বিহু

(ক) বিহু অসমৰ জাতীয় উৎসৱ ।

(খ) বিহু তিনিটা । সেইকেইটা হ’ল – বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু ।

(গ) বিহুত পিঠা-পনা, জলপান আদি খোৱা হয় আৰু বিহুৱান লয় ।

(ঘ) কাতি বিহুত তুলসীৰ তলত চাকি জ্বলায় ।

(ঙ) মাঘ বিহুত মেজি জ্বলায় ।

৫। শুদ্ধ উত্তৰটোত ‘√’ চিন দিয়া ।

(ক) গুৰুনানক বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক । x

(খ) ওনাম উৎসৱ কেৰেলাত ধৰ্মনিৰপেক্ষভাৱে পালন কৰা হয় । √

(গ) চট্‌ পূজাত সূৰ্য দেৱতাক পূজা কৰা হয় । √

This website is created and designed by Shiddhartha Nath.

Copyright @ জ্ঞানম