চতুৰ্থ শ্ৰেণী :: পৰিৱেশ :: পাঠ – ১ :: পৰিয়াল
চতুৰ্থ শ্ৰেণী :: পৰিৱেশ :: পাঠ – ১ :: পৰিয়াল

অনুশীলনী
১। চমু উত্তৰ দিয়াঃ
(ক) পৰিয়াল এটা কোনে পৰিচালনা কৰে ?
উত্তৰঃ পৰিয়াল এটা পৰিয়ালৰ মুৰব্বীজনে পৰিচালনা কৰে ।
(খ) অনিতাৰ পৰিয়ালৰ সদস্য কেইজন ?
উত্তৰঃ অনিতাৰ পৰিয়ালৰ সদস্য ৯ জন ।
(গ) অনিতাৰ পৰিয়ালটো কোনটো পৰিয়ালৰক অন্তৰ্গত ?
উত্তৰঃ অনিতাৰ পৰিয়ালটো যৌথ পৰিয়ালৰ অন্তৰ্গত ।
(ঘ) শশাংকুৰ পৰিয়ালটো কি পৰিয়াল ?
উত্তৰঃ শশাংকুৰ পৰিয়ালটো একক পৰিয়াল ।
২। খালী ঠাই পূৰ কৰাঃ
(ক) সমাজৰ এটা প্ৰাথমিক গোট হ’ল ……………… ।
উত্তৰঃ সমাজৰ এটা প্ৰাথমিক গোট হ’ল পৰিয়াল ।
(খ) পৰিয়াল এটা শৃংখলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা ……….. থাকে ।
উত্তৰঃ পৰিয়াল এটা শৃংখলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা নীতি-নিয়ম থাকে ।
(গ) শশাংকুৱে ধুনীয়া ………….. আঁকে ।
উত্তৰঃ শশাংকুৱে ধুনীয়া ছবি আঁকে ।
(ঘ) শিক্ষয়িত্ৰীয়ে শশাংকুক সাধুকথা …………………… ৰে বুজায় ।
উত্তৰঃ শিক্ষয়িত্ৰীয়ে শশাংকুক সাধুকথা ইংগিত আৰু অংগ ভংগীৰে বুজায় ।
৩। উত্তৰ লিখাঃ
(ক) একক পৰিয়াল বুলিলে কি বুজা ?
উত্তৰঃ যিবোৰ পৰিয়ালত কেৱল মাক-দেউতাক আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী একেলগে থাকে, তেনে পৰিয়ালকে একক পৰিয়াল বোলা হয় ।
(খ) শশাংকুৱে কিয় ইংগিতেৰে কথা পাতে ?
উত্তৰঃ শশাংকুৱে ভালদৰে কথা ক’ব নোৱাৰে বাবে ইংগিতেৰে কথা পাতে ।
(গ) যৌথ পৰিয়াল বুলিলে কি বুজা ?
উত্তৰঃ যিবোৰ পৰিয়ালত ককাক-আইতাক, বৰদেউতাক- বৰমাক, মাক-দেউতাক, খুড়াক-খুড়ীয়েক আৰু তেওঁলোকৰ ল’ৰা-ছোৱালী, পেহীয়েক আদি একেলগে থাকে, তেনে পৰিয়ালক যৌথ পৰিয়াল বোলা হয় ।
(ঘ) শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত কি কি কৰে ?
উত্তৰঃ শশাংকুৱে বিদ্যালয়ত আন সহপাঠীৰ লগত একেলগে বেঞ্চত বহে, পঢ়া-শুনা কৰে ৰু নানা ধৰণৰ খেল খেলে । শশাংকুৱে লগৰীয়াৰ লগত দলগত ক্ৰিয়া-কলাপত ভাগ লয় । শশাংকুৱে লগৰীয়াৰ লগত বিদ্যালয়ত থকা নানা ধৰণৰ পুতলা, সাঁথৰ আৰু কাঠৰ টুকুৰা লগলগাই বস্তু সজা আদি খেল খেলে ।
৪। তলত দিয়া সদস্যসকলৰ সম্পৰ্ক বিচাৰি উলিয়াই ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱাঃ

উত্তৰঃ দেউতাৰ ককায়েক ------------ বৰদেউতা
ককাৰ দেউতাক --------------- আজোককা
দেউতাৰ মাক ----------------- আইতা
মাৰ ভায়েক ------------------- মামা
দেউতাৰ ভনীয়েক ------------ পেহী
মাৰ দেউতাক ---------------- ককা
৫। তোমালোকৰ নিজৰ নিজৰ পৰিয়ালৰ বিষয়ে পাঁচটাকৈ বাক্য লিখা ।
উত্তৰঃ (ক) আমাৰ পৰিয়ালত মুঠ ৫ জন সদস্য আছে ।
(খ) আমাৰ পৰিয়ালত ককা, দেউতা, মা, মই আৰু ভাইটী আছে ।
(গ) ককা আমাৰ পৰিয়ালটোৰ মুৰব্বী ।
(ঘ) দেউতাই মোক সদায় বিদ্যালয়লৈ লৈ আহে ।
(ঙ) ককাই আবেলি আমাক সাধু কয় ।
( বিঃ দ্ৰঃ- এই প্ৰশ্নটোৰ উত্তৰ কেৱল উদাহৰণৰ বাবেহে দিয়া হৈছে । ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ পৰিয়ালৰ মতে বাক্য লিখিব ।)