'জ্ঞানম'ৰ বিষয়ে

1596516309524.png

 "জ্ঞানম" প্ৰধানত এটা শিক্ষামূলক ৱেবচাইট। SCERT, অসমৰ অধীনৰ অসমীয়া মাধ্যমৰ  নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ বিভিন্ন শ্ৰেণীসমূহৰ বিভিন্ন বিষয়সমূহৰ পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে সহবিদ্যায়তনিক দিশসমূহৰ মানসিক, বৌদ্ধিক বিকাশৰ উদ্দেশ্যে এই জ্ঞানম নামৰ ৱেবচাইটটো খোলা হৈছে। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰদ্বাৰা কিছু হ`লেও উপকৃৃত হ`ব বুলি আশা কৰা হৈছে ।

    জ্ঞানমৰ জৰিয়তে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ প্ৰত্যেকটো পাঠৰ পাঠভিত্তিক প্ৰশ্নসমূহৰ উত্তৰ দিয়াৰ প্ৰয়াস কৰা হৈছে । ইয়াৰ লগতে কুইজ, মহৎ লোকৰ বাণী,, সাঁথৰ, ব্যাকৰণ, সাধুকথা আদিও এই ৱেবচাইটৰ যোগেদি লাভ কৰিবলৈ সক্ষম হ'ব ।

স্ৰষ্টাৰ বিষয়ে

W%C3%A1P_20150705_014_edited.jpg

'জ্ঞানম' নামৰ ৱেবচাইটটো তৈয়াৰ কৰিছে সিদ্ধাৰ্থ নাথে । সিদ্ধাৰ্থ নাথ এজন নিম্ন প্ৰাথমিক পৰ্যায়ৰ শিক্ষক । তেওঁ বৰ্তমান যোৰহাট জিলাৰ পূব যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত জেলেঙীটুপ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষকৰূপে কৰ্মৰত ।